নগাঁৱৰ চকলাঘাটত আলফা নেতা অনুপ চেতিয়া হুংকাৰ

নগাঁৱৰ চকলাঘাটত আলফা নেতা অনুপ চেতিয়া হুংকাৰ

Published on

"নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬, জৰিয়তে অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ অস্তিত্ব বিপদাপন্ন কৰাৰ বাবে কেন্দ্ৰৰ বিজেপি চৰকাৰে যি প্ৰচেষ্টা চলাইছে সেই সম্বন্ধে যোৱাকালি বিয়লি নগাঁও জিলাৰ চকলাঘাটত এক ৰঙালী উৎসৱৰ কাৰ্য সূচীত আলফা নেতা গৰাকীয়ে অংশ লৈ সাংবাদিকৰ আগত নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত নিজৰ অভিমত দাঙি ধৰি তেওঁ কয় যে," আমি যদি ঐক্যবদ্ধ এই আইনখনৰ বিৰোধীতা নকৰো তেন্তে অদুৰ ভৱিষ্যতে খিলঞ্জীয়া লোকসকলৰ অস্তিত্ব নি:শেষ হৈ পৰিব। কেন্দ্ৰ চৰকাৰে যদি অসমবাসীৰ বিৰুদ্ধে গৈ এই আইন প্ৰণয়ন কৰে তেন্তে আমি আলোচনাৰ পৰা আতৰি আহিবলৈ বাধ্য হ'ম" । দিন জোৰাকৈ অনুষ্ঠিত চকলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ কাৰ্যসূচীত অনুপ চেতিয়াকে ধৰি অগপ দলৰ মুখপাত্ৰদ্বয় দিলীপ পাটগিৰি আৰু লাচিত বৰদলৈ, অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা শিবামণি বৰা আদিয়ে অংশ লয়।

The Sentinel - of this Land, for its People
www.sentinelassam.com