নামৰূপত গৃহ ভাঙি কোটি টকাৰ ক্ষতি

নামৰূপত গৃহ ভাঙি কোটি টকাৰ ক্ষতি
Published on

নামৰূপ ৰিপ্লেচমেন্ট পাৱাৰ প্ৰজেক্ট নামৰ কোম্পানীৰ ২০১২ চনতে নিৰ্মান কৰা ষ্টিম টাৰ্বাইন জেনেৰেটৰ বিল্ডীংৰ দ্বিতীয় মহলা খহি পৰাত প্ৰায় ৮ কোটিৰ পৰা ১০ কোটিৰ ক্ষতি হৈছে।ঘটনাতো সোমবাৰে ৰাতি সংঘটিত হয় নহলে দিনৰ ভাগত হোৱা হলে অনেকৰ প্ৰাণ নাশ হলহেতেন।এনটিপিএছ আৰু বিএইচইএল নামৰ গৃহ নিৰ্মান কোম্পানী কেইটাৰ কৰ্তৃপক্ষক প্ৰশ্ন কৰাত কোনোধৰনৰ উত্তৰ দিব নোৱাৰিলে।এতিয়া কোম্পানী সমূহৰ সময়ত সঠিক জোখ মাখৰ লগতে কম মানদণ্ডৰ সামগ্ৰীৰে নিৰ্মান কৰাতো নিশ্চিত হৈ পৰিছে।নামৰূপৰ দল সংগঠন সমূহে এই ঘটনাৰ অনুসন্ধান বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰাক্তল মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বিল্ডীংটোৰ আধাৰশিলাৰ প্ৰতিস্থা কৰাৰ পাছত ২০১২ চনত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com