নিপকোক হঠাৎ পানী নেৰিবলৈ সকিয়নি চৰকাৰৰ

নিপকোক হঠাৎ পানী নেৰিবলৈ সকিয়নি চৰকাৰৰ
Published on

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিপকো কৰ্তৃপক্ষক হঠাৎ আগৰ বছৰবোৰৰ দৰে এইবাৰ ৰঙানদী বান্ধৰ পানী নেৰিবলৈ কঠোৰ সকিয়নি প্ৰদান কৰিছে।নিপকোয়ে কোনো জাননি প্ৰদান নকৰাকে পানী এৰি দিয়াৰ ফলত লক্ষিমপুৰ জিলাৰ অধিকাংশ ঠাইত হঠাৎ বানপানীৰ সৃষ্টি হোৱাৰ ফলত ৰাইজে জিয়াতু ভূগিবলগীয়া হয়।লক্ষিমপুৰ জিলাৰ উপায়ুক্তৰ আলোচনা কক্ষত অনুস্থিত হোৱা সভাত সোনোৱালে নিপকোক কয় যে পানী জমা কৰি ৰাখিবৰ বাবে ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে।মুখ্যমন্ত্ৰীজনে লক্ষিমপুৰ জিলাৰ প্ৰশাসনক বনাৰ্তক সোনকালে আশ্ৰয়ৰ ব্যৱস্থা কৰাৰ লগতে খাদ্যৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।জিলা উপায়ুক্তৰ নেতৃত্বত স্বাস্থ্য বিভাগৰ লগতে পশু চিকিৎসা বিভাগে ইতিমধ্যে চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিছে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com