পাঁচবাৰৰ বিজয়ী ব্ৰাজিলক নিৰাশ কৰি ছেমিত বেলজিয়াম

পাঁচবাৰৰ বিজয়ী ব্ৰাজিলক নিৰাশ কৰি ছেমিত বেলজিয়াম

কাজান এৰেনা ষ্ট্ৰেডিয়ামত শুকুৰবাৰে নিশা অনুস্থিত দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামে পাঁচবাৰৰ বিশ্ববিজয়ী ব্ৰাজিলক ২-১ গ'লত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছে।১৩ মিনিটতে বেলজিয়ামে লাভ কৰা এটা কৰ্নাৰক ৰাখিবলৈ গৈ আত্মঘাতী গ'ল কৰে ব্ৰাজিলৰ ডিফেন্ডাৰ ফাৰ্নানডিনহো'য়ে।৩১ মিনিটত কে ডে ব্ৰুয়ে আৰু এটা গ'ল কৰি বেলজিয়ামক ২-০ গ'লৰ অগ্ৰগতি প্ৰদান কৰে।ব্ৰাজিলৰ ছুপাৰষ্টাৰ নেইমাৰে সুন্দৰ খেল প্ৰদৰ্শন কৰে যদিও গ'ল কৰাত ব্যৰ্থ হয়।বহুত চেষ্টাৰ অন্তত ৭৬ মিনিটত ৰেনাট' আগষ্টৰ গলেৰে ১-২ ব্যৱধান কৰে যদিও সমতা স্থাপন কৰাত ব্যৰ্থ হয় ব্ৰাজিল। বিশ্বজয়ৰ সপোন বুকুত বান্ধি কোৱাৰ্টাৰৰ পৰাই ৰাচিয়া বিশ্বকাপৰ অভিযান সামৰিলে ব্ৰাজিলে।

Top Headlines

No stories found.
Sentinel Assam
www.sentinelassam.com