পাঁচবাৰৰ বিজয়ী ব্ৰাজিলৰ সন্মূখত বেলজিয়াম

পাঁচবাৰৰ বিজয়ী ব্ৰাজিলৰ সন্মূখত বেলজিয়াম
Published on

ৰাচিয়া বিশ্বকাপৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত পাঁচবাৰৰ বিশ্বচেম্পিয়ন ব্ৰাজিলৰ সন্মূখত বেলজিয়াম মুখামুখি হব।শুকুৰবাৰে নিশা ভাৰতীয় সময় ১১ বাজি ৩০ মিনিটৰ পৰা কাজান এৰেনা ষ্ট্ৰেডিয়ামত অনুস্থিত হবলগীয়া খেলখনত ব্ৰাজিল ফেবাৰেট হিচাপে অৱতীৰ্ন হব। প্ৰি-কোৱাৰ্টাৰত ব্ৰাজিলে মেক্সিকোক পৰাস্ত কৰাৰ বিপৰিতে বেলজিয়ামে এচিয়াৰ শক্তি জাপানক পৰাস্ত কৰে।নেইমাৰৰ কান্ধত ধৰি বিশ্বজয়ৰ সপোন দেখা ব্ৰাজিল দলতো অত্যন্ত শক্তিশালী যদিও বেলজিয়াম দলত ইডেন হাজাৰ্ড,ফেলাইনি,কম্পেনী আদিৰ দৰে তাৰকা আছে।নেইমাৰে নিজৰ খেল অনুযায়ী খেলিব পাৰিলে বেলজিয়ামৰ বিপদ নিশ্চিত।

The Sentinel - of this Land, for its People
www.sentinelassam.com