পুঁজিৰ অভাৱত ব্যাহত পথ মেৰামতিৰ কাম

পুঁজিৰ অভাৱত ব্যাহত পথ মেৰামতিৰ কাম

Published on

ৰাজ্যৰ পথসমূহৰ অৱস্থা দেখিলে চৰকাৰৰ উন্নয়নৰ বিপৰীত ছবিখনহে প্ৰতিফলিত হয়।অসমৰ প্ৰত্যেক খন জিলাৰে পথৰ অৱস্থা অতি পুতৌজনক।প্ৰত্যেক দিনে ৰাজ্যৰ বিভিন্ন ঠাইত পথ মেৰামতিৰ বাবে প্ৰতিবাদ হৈ থকা পৰিলক্ষিত হয়।ৰাজ্যৰ নতুন গড়কাপ্তানী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ৰাজ্যৰ পথসমূহ মেৰামতিৰ বাবে প্ৰায় ৫,০০০ কোটি টকাৰ প্ৰয়োজন আৰু যিহেতু ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা ভাল নহয় বাবে ইমান বৃহৎ পৰিমানৰ টকা চৰকাৰে দিবলৈ সক্ষম হোৱা নাই।২০১৬ চনৰ বাজেট অধিবেশনত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পথ নিৰ্মানৰ বাবে ২০০০ কোটি টকা ঘোষনা কৰিছিল যদিও সেয়া সময়ত ফুটুকাৰ ফেনতহে পৰিনত হল।

The Sentinel - of this Land, for its People
www.sentinelassam.com