প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ

প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ
Published on

বিশেষ ভাৱে সক্ষম লোকসকলৰ বাবে চৰকাৰে ভিন্ন প্ৰতিশ্ৰুতি সময়ে সময়ে কৰি আহিছে যদিও সেই সমূহক বাস্তৱত পৰিণত কৰিব পৰা নাই। যোৱাকালি সংবাদ মাধ্যমৰ আগত এই অভিযোগ সদৰী কৰে প্ৰতিবন্ধী সুৰক্ষা সংস্থাই অসমে। এই সংস্থাৰ সাধাৰন সম্পাদক নৃপেন মালাকৰে কয় যে প্ৰতিবন্ধী সকলৰ বাবে ভিন্ন বিভাগৰ সংৰক্ষিত ৪,৪১৯টা আসন খালী থকাৰ পিছতো সেই আসন সমূহ চৰকাৰে এতিয়ালৈ পূৰণ কৰিব পৰা নাই।ইয়াৰ লগতে তেওঁ অভিযোগ উত্থাপিত কৰে যে অত্যাধিক ৰঙাফিটাৰ মেৰপাকে প্ৰতিবন্ধী সকলক অধৈৰ্য্য কৰি তুলিছে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com