প্ৰথম টি২০ত ইলেন্ডক পৰাস্ত কৰি শৃংখলাত অগ্ৰগতি ভাৰতৰ

প্ৰথম টি২০ত ইলেন্ডক পৰাস্ত কৰি শৃংখলাত অগ্ৰগতি ভাৰতৰ
Published on

ইংলেন্ডত অনুস্থিত হোৱা ভাৰত আৰু ইংলেন্ডৰ মাজৰ তিনিখনীয়া টি২০ শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে ইংলেন্ডক ৮ উইকেটত পৰাস্ত কৰে। টচত হাৰি বেটিংৰ আমন্ত্ৰন লাভ কৰা ব্ৰিটিচ বাহিনীয়ে উইকেটৰক্ষক বেটচমেন জচ বাটলাৰৰ ৬৯ আৰু জেচন ৰয়ৰ ৩০ ৰানৰ সহায়ত ২০ অভাৰত ৮ টা উইকেট হেৰুৱাই মাত্ৰ ১৫৯ ৰান সগ্ৰহ কৰিবলৈ সক্ষম হয়।কুলদ্বীপ যাদৱে মাত্ৰ ২৪ ৰানৰ বিনিময়ত ৫ টা উইকেট দখল কৰি ইংলেন্ডৰ বেটিং লাইন আপ টাচপাতৰ দৰে খহায় দিয়ে।উমেশ যাদৱেও ২১ ৰানত বিপক্ষৰ দুজন বেটচমেনক পেভিলিয়নলৈ পঠিয়াই।সহজ লক্ষ্য আগত ৰাখি বেটিং কৰিবলৈ অহা ভাৰতে কে এল ৰাহুলৰ দুৰ্দান্ত শতকৰ সহায়ত ১৮.২ অভাৰতে বিজয় লক্ষ্য অতিক্ৰম কৰে।ৰাহুলে মাত্ৰ ৫৪ টা বলত ৫ টা ছয় আৰু ১০ টা চাৰিৰে ১০১ ৰান কৰে।ৰোহিত শৰ্মাই ৩০ টা বলত ৩২ ৰান কৰি ৰাহুলক সুন্দৰ সহযোগিতা আগবঢ়ায়।

The Sentinel - of this Land, for its People
www.sentinelassam.com