বঙাইগাঁও শোধনাগাৰৰ ১২৭ জন ঠিকা ভিত্তিক শ্ৰমিকক বৰ্খাস্ত

বঙাইগাঁও শোধনাগাৰৰ ১২৭ জন ঠিকা ভিত্তিক শ্ৰমিকক বৰ্খাস্ত
Published on: 

বঙাইগাঁওৰ তেল শোধনাগাৰৰ ৫ নং গেটত বুধবাৰে এক অপ্ৰিতীকৰ পৰিস্থিতিৰ সৃষ্টি হয়।১২৭ জনকৈ ঠিকাভিত্তিক শ্ৰমিকক কোনো আগতীয়া জাননী নিদিয়াকৈ ফেবটেক নামৰ শ্ৰমিক যোগান ধৰা কোম্পানীটোৱে বৰ্খাস্ত কৰাত ক্ষোভত ফাটি পৰিছে শ্ৰমিক সকল।হামিদ আলি নামৰ এজন শ্ৰমিকে কয় যে আমি বহুত দিনৰ পৰা ইয়াত কাম কৰি আহিছো।এতিয়া আমি কি কৰিম,আমাৰ ঘৰ কি দৰে চলিব।শ্ৰমিক সকলৰ দৰমহাৰ পৰা কোম্পানীটোৱে মেডিকেল আৰু পেঞ্চনৰ নামত টকা কাটে যদিও সুবিধা সমূহ প্ৰদান নকৰে বুলি অভিযোগ পোৱা গৈছে।শ্ৰমিক সকলে এখন পত্ৰ চিৰাং জিলাৰ আৰক্ষী অধীক্ষক আৰু শোধনাগাৰ কৰ্তৃপক্ষক দিয়া বুলি জানিবপৰা গৈছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com