বনাঞ্চলত বাস কৰা লোকসকলৰ ভূমিপট্টাৰ দাবীত ইউ পি পি এল ৰ অৱস্থান ধৰ্মঘট

বনাঞ্চলত বাস কৰা লোকসকলৰ ভূমিপট্টাৰ দাবীত ইউ পি পি এল ৰ অৱস্থান ধৰ্মঘট
Published on: 

ইউনাইটেড পিপ্লচ পাৰ্টী লিবাৰেল (UPPL) এ বৃহস্পতিবাৰে জনজাতি আৰু অন্যান্য বনাঞ্চলবাসী লোকসকলক অনূসুচীত জনজাতি আৰু অন্যান্য পৰপ্মৰাগত বনাঞ্চলবাসী(বনাঞ্চল অধিকাৰৰ মান্যতা) আইন, ২০০৬ ৰ অধীনত ভূমিপট্টা প্ৰদানৰ দাবীত কোকৰাঝাৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ ওচৰত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে। গোসাইগাঁও আৰু বাক্সা জিলাৰ শালবাৰীটো একেধৰণৰ কাৰ্য্যসূচী ৰূপায়িত হয়। সাংবাদিকৰে হোৱা কথা বতৰাত ইউ পি পি এলৰ সভাপতি উৰখাও গৌৰা ব্ৰহ্মই কয় যে, ইউ পি পি এল এ বছৰ বছৰ ধৰি বনাঞ্চলত বাস কৰি অহা লোকসকলক ভূমিপট্টা প্ৰদানৰ দাবী জনাই আহিছে যদিও চৰকাৰ তথা বি টি চি কৰ্তৃপক্ষই কোনো ব্যৱস্থা হাতত লোৱা নাই। ব্ৰহ্মই এই বিষয়টো লৈ ৰাজনীতি চলি থকা বুলি সন্দেহ প্ৰকাশ কৰিছে। এই একেটা বিষয়তে ইউ পি পি এল ৰ কোকৰাঝাৰ জিলা গোটে অসমৰ ৰাজ্যপাল আৰু মূখ্যমন্ত্ৰীৰ ওচৰত শ্বেতপত্ৰ দাখিল কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com