বহুজাতিক কোম্পানীত অসমীয়া ভাষাৰ প্ৰচলন বাধ্যতামূলক কৰিলে অসম সাহিত্য সভাই

বহুজাতিক কোম্পানীত অসমীয়া ভাষাৰ প্ৰচলন বাধ্যতামূলক কৰিলে অসম সাহিত্য সভাই
Published on

বহুজাতিক কোম্পানীসমূহত অসমীয়া ভাষাৰ প্ৰচলন বাধ্যতামূলক বুলি ঘোষণা কৰিছে অসম সাহিত্য সভাই। আজি এখন সংবাদমেল আয়োজন কৰি সভাই এই কথা ঘোষণা কৰে। এই কামৰ বাবে ২ মাহৰ সময়সীমা বান্ধি দিছে সাহিত্য সভাই। লগতে সকলো ধৰণৰ সাধাৰণ চাকৰিৰ পৰীক্ষাৰ প্ৰশ্নকাকতত থাকিব লাগিব মাতৃভাষাৰ ৫০ শতাংশ প্ৰশ্ন। এই সংবাদমেল সাহিত্য সভাই চৰকাৰে ভাষা আইন সঠিকভাৱে ৰূপায়ন নকৰাৰো অভিযোগ তুলে। ৰাষ্টীয় ঘাইপথৰ নামবোৰ ভূলকৈ লিখি যি বিভ্ৰান্তিৰ সৃষ্টি কৰা হৈছে তাক সোনকালে ঠিক কৰিব লাগে বুলি মত পোষণ কৰে সভাই। প্ৰতি দুবছৰৰ মূৰত সাহিত্য সভাই শুক্ৰাচাৰ্য্য ৰাভা বঁটা প্ৰদান কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে। তেজপুৰত পদ্মনাথ গোহাঞি বৰুৱাৰ নামত জাতীয় অভিলেখাগাৰ প্ৰতিষ্ঠাৰ কথাও ঘোষণা কৰে সংবাদমেল খনত। তাৰোপৰি প্ৰতিবছৰে সভাই এজনকৈ বিধায়কক প্ৰদান কৰিব গৌৰীশংকৰ ভট্টাচাৰ্য্য বঁটা।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com