বানপানীৰ পূৰ্ৱানুমান এতিয়া অধিক শক্তিশালী হ'ব

বানপানীৰ পূৰ্ৱানুমান এতিয়া অধিক শক্তিশালী হ'ব
Published on: 

জলসম্পদ মন্ত্ৰণালয় আৰু কেন্দ্ৰীয় জল নিগমে বানপানীৰ পূৰ্ৱানুমান অধিক শক্তিশালী কৰিবলৈ বিশেষ ব্যৱস্থাপনা হাতত লৈছে। এতিয়াৰ পৰা তেওঁলোকে ৭২ ঘণ্টাৰ আগতে বানপানীৰ সৰ্তকবাণী দিব পাৰিব আৰু উত্তৰ-পূৱত বানপানীৰ আগজাননী সম্পৰ্কীয় এটা বৃহৎ নেটৱৰ্ক আছে। ৬০ তম ষ্টেণ্ডিং কমিটি সভাত অংশ লৈ এই কথা সদৰি কৰে ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ অধক্ষ্য সঞ্জয় কুন্দুৱে। বানপানীৰ আগজাননী লাভ কৰি ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই এন দি আৰ এফৰ জোৱান সকলক আগতীয়াকৈ অসুৰক্ষিত অঞ্চলবোৰলৈ পঠাব পাৰিব। মুঠতে, সমগ্ৰ ৰাজ্যই বানপানী ৰোধ কৰিবলৈ আগতীয়াকৈ সাজু হ'ব পাৰিব।

The Sentinel - of this Land, for its People
www.sentinelassam.com