বান সাহাৰ্য্য: অসমে নিৰ্ধাৰণ কৰিছে ৪,৩৫৮ কৌটি কিন্তু কেন্দ্ৰই আবণ্টণ কৰিছে ৪৮০ কৌটি

বান সাহাৰ্য্য: অসমে নিৰ্ধাৰণ কৰিছে ৪,৩৫৮ কৌটি কিন্তু কেন্দ্ৰই আবণ্টণ কৰিছে ৪৮০ কৌটি
Published on

বানপানীয়ে প্ৰতিবছৰে অসমত প্ৰলয়ৰ সৃষ্টি কৰি অহাৰ পিছতো বান সাহাৰ্য্যৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা আহিবলগীয়া পুঁজি বহুত পলমকৈ আহে আৰু কেতিয়াবা আহিয়ে নাপায়। কেন্দ্ৰৰ পৰা ৰাজ্যলৈ সঠিক সময়ত পুঁজি আহি নোপোৱাৰ মূল কাৰণ হৈছে ৰঙা ফিটাৰ মেৰপাক। যি কি হওঁক, ৰাজ্যচৰকাৰৰ সঠিক সময়ত ৰাজনৈতিক হেচাঁই যাদুৰ নিচিনা কাম কৰিব পাৰে। ২০১৭ চনত ৰাজ্যচৰকাৰে বানপানীৰ ফলত হোৱা ক্ষতিৰ পৰিমাণ প্ৰায় ৪৩৫৮ কৌটি টকা বুলি নিৰ্ধাৰণ কৰিছিল। দিশপুৰে এইবিষয়ত এখন স্মাৰকপত্ৰও প্ৰদান কৰিছিল। সেইবছৰৰ ভয়াবহ বানপানীত প্ৰায় ১৬০ জন লোকৰ মৃত্যু হোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বানপানীগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে। এই বিষয়ত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ নেতৃত্বত এখন সভা অনুষ্ঠিত হয়। এই সভাত অসমত বানপানীৰ ফলত হোৱা ক্ষতিৰ পৰিমাণ মাত্ৰ ৪৮০.৮৭ কৌটি টকা বুলি ধাৰ্য্য কৰে। এই সভা অনুষ্ঠিত হোৱাৰ আগতে দুটা কেন্দ্ৰীয় দলে অসমৰ বান পৰিস্থিতি পৰিদৰ্শন কৰে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com