বাসগৃহ খহি পৰি দুজন আহত

Published on

শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষী থানাৰ অন্তৰ্গত গৌৰীসাগৰৰ ৰূপহীমুখ অঞ্চলৰ নিৰ্মীয়মান বাসগৃহ খহি পৰি দুজন শ্ৰমিক আহত হয়।শ্ৰমিক দুজনৰ নাম মইনুদ্দিন আলি আৰু মইৰুল আলি বুলি জানিব পৰা গৈছে।বাসগৃহটোৰ মালিক ইউচিঅউ বেঙ্কৰ কৰ্মচাৰী প্ৰনৱ দাসৰ বুলি জানিব পৰা গৈছে।শনিবাৰে সন্ধিয়া দুখন চদ খহি পৰি ঘটনাতো ঘটে।স্থানীয় ৰাইজে লৰালৰিকৈ শ্ৰমিক দুজনক উদ্ধাৰ কৰা লগতে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com