'বিজেপিৰ শাসনত দ্ৰুতগতিত আগবাঢ়িছে ভাৰত আৰু অসমৰ উন্নয়ন'

Published on

অসম প্ৰদেশ বিজেপিৰ সম্পাদক কিশোৰ উপাধ্যায়ে মঙলবাৰে লক্ষিমপুৰত এক সংবাদমেলৰ আয়োজন কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষ দ্ৰুতগতিত উন্নতিৰ দিশে আগবাঢ়িছে।অসমতো সৰ্বানন্দ সোনোৱাল নেতৃত্বত ৰাজ্যত উন্নতিৰ কাম অতি দ্ৰুতগতিত আৰু সফলতাৰে হৈ আছে।উত্তৰ লক্ষিমপুৰ প্ৰেছ ক্লাবত অনুস্থিত হোৱা সংবাদমেল খনত প্ৰদেশ বিজেপিৰ লগতে লক্ষিমপুৰ জিলা বিজেপিৰ বিষয়ববীয়া সকল উপস্থিত থাকে।মোডী চৰকাৰৰ চাৰি বছৰ আৰু সোনোৱাল চৰকাৰৰ দুবছৰ সম্পূৰ্ন হোৱাৰ উপলক্ষে অনুস্থিত কৰা সংবাদমেল খনত চৰকাৰৰ কৰ্মৰ খতিয়ান দাঙি ধৰে উপাধ্যায়ে।অতি সোনকালে লক্ষিমপুৰ জিলাৰ সকলো সমস্যা দুৰ কৰিব বুলি কয় প্ৰদেশ বিজেপিৰ সম্পাদকজনে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com