Begin typing your search above and press return to search.

বিশ্বকাপ ফুটবল ২০১৮,দল বিশ্লেষণ,গ্ৰুপ : F

বিশ্বকাপ ফুটবল ২০১৮,দল বিশ্লেষণ,গ্ৰুপ : F

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Jun 2018 12:44 PM GMT

জাৰ্মানী

শ্ৰেষ্ঠ বিশ্বকাপ: বিজয়ী (১৯৫৪, ১৯৭৪, ১৯৯০, ২০১৪)

কেনেদৰে যোগ্যতা অৰ্জন কৰিছিল: সদায়ৰ নিচিনাকৈ এইটো একেবাৰে সহজ আছিল, ১০ খন খেল ১০ খনতে জয়ী

কি আশা কৰিব পাৰি: অকল এদল ভাল খেলুৱৈ থকাই নহয়, যাক জাৰ্মানীৰ প্ৰশিক্ষক গৰাকীয়ে ভয়াবহ বুলি কোৱা নাই, তেওঁলোকৰ নমনীয়তাও তেওঁলোকৰ বাবে আশাপ্ৰদ।

ল'ৱে তিনিজনীয়া সুৰক্ষাবেহুৰ দ্বাৰা পৰীক্ষা চলোৱাৰ লগতে কোনো চিহ্ণিত কৰিব নোৱাৰা ষ্টাইকাৰ লৈ যোৱা খেল কেইখনত পৰীক্ষা চলাইছিল।

তাৰকা কোন: ব্ৰাজিল আৰু আৰ্জেনটিনাৰ নিচিনাকৈ ইয়াত কোনো অপূৰণীয় খেলুৱৈ নাই যদিও জাৰ্মানীৰ বহুকেইজন দক্ষ খেলুৱৈ আছে। কিন্তু টনী ক্ৰুচৰ ওপৰত দৃষ্টি থাকিব।

সফলতা কেনেধৰণৰ: ল' আৰু তেওঁৰ দলে ব্ৰাজিলৰ (১৯৬২) পিছত জাৰ্মানীয়ে যাতে বিশ্বকাপ বাহাল ৰাখিব পাৰে তাৰ ওপৰত গুৰুত্ব দিছিল।

মেক্সিকো

শ্ৰেষ্ঠ বিশ্বকাপ: কোৱাৰ্টাৰ ফাইনেল (১৯৭০, ১৯৮৬)

কেনেদৰে যোগ্যতা অৰ্জন কৰিছিল: এল ট্ৰি য়ে মাত্ৰ এবাৰ হে পৰাজিত হৈছিল। এই ফলাফলে আমেৰিকাক উলিওৱাত সহায় কৰিছিল।

কি আশা কৰিব পাৰি: এটা অতি আক্ৰমণকাৰী দল আৰু ব'ডি অন লাইন ৰক্ষাকাৰী দল কিন্তু মেক্সিকান সংবাদমাধ্যমে আশা দেখুৱা ধৰণে সফলতা নাপাবও পাৰে।

তাৰকা কোন: ৱেষ্ট হামত খাতি থকা জেভিয়াৰ হেৰনানদেজৰ সৈতে ৰীয়েল চ'চাইদেদৰ অভিজ্ঞ ৰক্ষক হেক্টৰ ম'ৰেণোই হৈছে মেক্সিকোৰ ভাল প্ৰদৰ্শনকাৰী। সফলতা কেনেধৰণৰ: নিশ্চিয় গ্ৰুপৰ পৰা ওলাই যাব। ১৬ টাৰ ৰাউণ্ডৰ পৰা ওলোৱাৰ সম্ভাৱনা ভূল প্ৰমাণ কৰিব পাৰে, যদিও এই কথা বিপৰীত পক্ষটো কোন হ'ব তাৰ ওপৰত নিৰ্ভৰশীল। কিন্তু বেয়া খবৰটো হ'ল বিপৰীত পক্ষ ব্ৰাজিল হোৱাৰ সম্ভাৱনা।

চুইডেন

শ্ৰেষ্ঠ বিশ্বকাপ: ২য় স্থান (১৯৫৮)

কেনেদৰে যোগ্যতা অৰ্জন কৰিছিল: ষ্টকহমত চুইডেনৰ ১-০ গ'লত জয়ে আৰু মিলানত এখন লেহেমীয়া স্ক'ৰবিহীন খেল- দুয়োখনেই সংগঠিত, সাহসী আৰু দৃঢ়তাৰ ফল, যাৰফলত ৬০ বছৰত প্ৰথম বাৰৰ বাবে ইটালী বিশ্বকাপত অংশ লোৱাৰ পৰা বঞ্চিত হৈছে।

কি আশা কৰিব পাৰি: জাটান ইব্ৰাহিম'ভিক এ ইতিমধ্যে এইটো প্ৰমাণ কৰিছে যে তেওঁ নেখেলা কোনো খেল চোৱাৰ আনন্দ নাই। তেওঁ ৰাচিয়ালৈ যোৱাৰ আগতে অৱসৰ লোৱা কথা ঘোষণা কৰে।

তাৰকা কোন: ইব্ৰাহিম'ভিকৰ অনুপস্থিতিত চুইডেনৰ ভাল খেলুৱৈ হ'ব জাৰ্মানীৰ আৰ বি লেইপজিঙৰ মিডফিল্ডাৰ এমিল ফ'ৰ্চবাৰ্গ।

সফলতা কেনেধৰণৰ: ইমানে ভাল খেলিছে যে ইব্ৰাহিম'ভিকেও টেলিভিচন অন্ কৰিবলৈ বাধ্য হৈ গৈছে।

দক্ষিণ কোৰিয়া

শ্ৰেষ্ঠ বিশ্বকাপ: চেমিফাইনেল (২০০২)

কেনেধৰণৰ যোগ্যতা অৰ্জন কৰিলে: দক্ষিণ কোৰিয়াই ১৯৮৬ ৰ পৰা প্ৰতিবাৰেই বিশ্বকাপত অংশ লৈ আহিছে আৰু এচিয়াৰ ভিতৰত আটাইটকৈ ধাৰাবাহিক দল হিচাপে পৰিগণিত হৈ আহিছে, কিন্তু ৰাচিয়াতৱ দক্ষিণ কোৰিয়াই মুখ ঠেকেচা খালে। কোৱালিফাইঙত দলটোৱে কাটাৰৰ হাতত পৰাজিত হোৱাৰ পিছত প্ৰশিক্ষক ইউলি ষ্টিলাইকক বৰ্খাস্ত কৰা হয়, দক্ষিণ কোৰিয়াই চিৰিয়াৰ পৰা শেষৰ দুখন খেলত ড্ৰ খেলি ওলাই আহিছে।

কি আশা কৰিব পাৰি: দক্ষিণ কোৰিয়াই ফৰ্ম ঘুৰাই পোৱা উচিত নে- ২-১ ত কলম্বিয়াৰ বিপৰীতে জয়ী হৈছিল। তেওঁলোক এটা অতি আকৰ্ষণীয় দল।

সফলতা কেনেধৰণৰ: যেনেদৰে দক্ষিণ কোৰিয়া কোৱালিফাই কৰিলে, দলটোৱে এটা সন্মানজনক স্থান অটল ৰাখিব বুলি আশা কৰিব পাৰি।

Next Story
Jobs in Assam
Jobs in Rest of NE
Top Headlines
Assam News