Begin typing your search above and press return to search.

বিশ্বকাপ ফুটবল ২০১৮,দল বিশ্লেষণ,গ্ৰুপ : G

বিশ্বকাপ ফুটবল ২০১৮,দল বিশ্লেষণ,গ্ৰুপ : G

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Jun 2018 12:54 PM GMT

বেলজিয়াম

শ্ৰেষ্ঠ বিশ্বকাপ : ছেমিফাইনেল (১৯৮৬)

কি দৰে যোগ্যতা অৰ্জন কৰিছে : ৰাচিয়াৰ টিকট বুক কৰা ইউৰোপৰ অন্যতম দেশ বেলজিয়াম ।মাত্ৰ দুই পইন্ট নষ্ট কৰি ৰাচিয়া পাইছেহি বেলজিয়াম।

কি আশা কৰিব পাৰি : শক্তিশালী ডিফেঞ্চ প্ৰতিভাশালী মিডফিল্ড আক্ৰমনক ফৰৱাৰ্ড হৈছে বেলজিয়ামৰ শক্তি।ইডেন হাজাৰ্ড আৰু ড্ৰিছ মাৰ্টেনচনৰ দৰে তাৰকা ভয়াৱহ হৈ উঠাৰ থল আছে।

তাৰকা কোন?

কেভিন দে' ব্ৰুইনে হ'ল ইউৰোপৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ যদিও হাৰ্জাড হ'ল সকলোতকে ভৰষাবান খেলুৱৈ।

সফলতা কেনেধৰনৰ?

২০১৪বিশ্বকাপত কোৱাৰ্টাৰ ফাইনেল খেলাৰ আশা ভংগ হোৱা পিছত এইবাৰ নতুন আশা লৈ ৰাছিয়াই পাইছেহি বেলজিয়াম।

ইংলেন্ড

শ্ৰেষ্ঠ বিশ্বকাপ : বিজয়ী (১৯৬৬)

কি দৰে যোগ্যতা অৰ্জন কৰিছে : প্ৰশিক্ষক চাম এলাৰডিচক অপসাৰিত হোৱা পাছত নতুন প্ৰশিক্ষক গেৰাথ চাউথগেটৰ নেতৃত্ৰত সমবেত হোৱা ইংলেন্ড দলে অতি সহজে ৰাচিয়াৰ টিকত পাইছে।

কি আশা কৰিব পাৰি : মেনেজাৰ চাউথগেটে যুৱ শক্তিৰ উপৰত বিশ্বাস ৰাখিছে।প্ৰায় খেলুৱৈ নতুন হোৱাৰ বাবে চিন্তাত পৰিছে সমৰ্থক সকল।

তাৰকা কোন : তিনিতা প্ৰিমিয়াৰ লীগ চিজনত ৩০টাতকৈ অধিক গল দিয়া হাৰি কেনেই হৈছে মূল ভৰষা।

সফলতা কেনেধৰনৰ : দাবীদাৰ নহয় যদিও ভয়াৱহ হৈ উঠিব পাৰে ইংলেন্ড।

টুনিচিয়া

শ্ৰেষ্ঠ বিশ্বকাপ : গ্ৰুপ ষ্টেজ(১৯৭৮,১৯৯৮,২০০২,২০০৬)

কি দৰে যোগ্যতা অৰ্জন কৰিছে :আফ্ৰিকান কোৱালিফায়িংত নহৰাকৈয়ে যোগ্যতা অৰ্জন কৰিছে।

কি আশা কৰিব পাৰি : প্ৰায় বিলাক খেলুৱৈয়ে ইউৰোপত খেলিছে।অঘটন ঘটোৱাৰ থল আছে।মিডফিল্ডাৰ ৱাহবি খাজৰি মুখ্য খেলুৱৈ।

তাৰকা কোন : মাৰচেলিৰ ডিফেন্ডাৰ আইমেন এবডেনুৰেই হ'ল তাৰকা খেলুৱৈ।

সফলতা কেনেধৰনৰ : ড্ৰ খেলি হলেও নকআউত পাব বিচাৰে টুনিচিয়াই।

পানামা

শ্ৰেষ্ঠ বিশ্বকাপ : পানামাৰ প্ৰথম বিশ্বকাপ

কি দৰে যোগ্যতা অৰ্জন কৰিছে : নাটকীয় ভাৱে কষ্টাৰিকাৰ বিৰুদ্ধে ৰমান টৰেচৰ গ'লেৰে পোনপ্ৰথমবাৰৰ বাবে বিশ্বকাপ খেলাৰ সুবিধা পাইছে পানামাই।

কি আশা কৰিব পাৰি : পানামাৰ পৰা বিশেষ আশা কৰিব নোৱাৰি যদিও অঘটন ঘটাব পাৰে পানামাই।একগোট হৈ খেলাই পানামাৰ মুল ৰণনীতি।

তাৰকা কোন : ৰমান টৰেচ পানামাৰ ভাগ্য বিধাতা।

সফলতা কেনেধৰনৰ : ৰাচিয়া বিশ্বকাপ খেলাতোৱেই পানামাৰ ডাঙৰ সফলতা।অঘটন নুই কৰিব নোৱাৰি।

Next Story