ব্যৱসায়ীক হত্যা, শৌচালয়ৰ টেংকীৰ পৰা উদ্ধাৰ মৃতদেহ

ব্যৱসায়ীক হত্যা, শৌচালয়ৰ টেংকীৰ পৰা উদ্ধাৰ মৃতদেহ
Published on: 

বঙাইগাঁও নগৰৰ বিবেকানন্দ পালি অঞ্চলৰ নিবাসী মূলত বিহাৰৰ টায়াৰ দোকানৰ মালিক ৫৫ বছৰীয়া জুলফিকাৰ আলি নামৰ ব্যৱসায়ীজনৰ মৃতদেহ একে অঞ্চলৰ সুবালা বসুমতাৰী নামৰ মহিলাগৰাকীৰ বাসগৃহৰ শৌচালয়ত উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ জিলা খনতে চাঞ্চল্য সৃষ্টি কৰিছে।মৃত ব্যৱসায়ীজনৰ পুত্ৰয় জনোৱামতে ১৫ জুলাইৰ পৰা লোকজন নিৰুদেশ হৈ আছিল আৰু সুবালা বসুমতাৰীৰ ঘৰলৈ যাম বুলি কৈ আৰু ঘৰলৈ ঘুৰি নাহিল।পুত্ৰয় লগতে কয় যে কোনো অচিনাক্ত লোকে এনডিএফবি বুলি পৰিচয় দি ১৫ লাখ টকা দাবী কৰে।বঙাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰাঞ্জিত শইকীয়াই কয় যে আমাৰ অনুসন্ধান আৰম্ভ হৈছে,আমি অপহৰণকাৰী আৰু সুৱালা সকলো বাৰ্তালাপ উলিয়াম।ফোন লিষ্টসমূহ ভালদৰে নিৰিক্ষন কৰা হব।অতি সোনকালে অপৰাধীক গ্ৰেপ্তাৰ কৰা হব।

The Sentinel - of this Land, for its People
www.sentinelassam.com