বড়োলেন্ডৰ সমস্যা সমাধানৰ আশ্বাস কেন্দ্ৰ চৰকাৰৰ

বড়োলেন্ডৰ সমস্যা সমাধানৰ আশ্বাস কেন্দ্ৰ চৰকাৰৰ
Published on

কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিংক সাক্ষাৎ কৰি আবছু আৰু পিপলচ জইন্ট একচন কমিতি ফৰ বড়োলেন্ড মোভমেন্টৰ বিষয়ববীয়াই বড়োলেন্ডৰ নানান সমস্যাৰ লগতে পৃথক বড়োলেন্ডৰ কথা অৱগত কৰে।আবছুৰ সভাপতি প্ৰমোদ বড়োয়ে কয় যে গৃহমন্ত্ৰীৰ লগত ৪০ মিনিটৰ বৈঠকৰ অন্তত তেওঁ ধনাত্মক আশ্বাস প্ৰদান কৰে।মন্ত্ৰীজনে সমস্যা সমূহৰ সমাধানৰ চেষ্টাৰ লগতে পৃথক বড়োলেন্ডৰ কথাটোও বিবেচনা কৰিব বুলি আশ্বাস প্ৰদান কৰে।বড়োলেন্ডৰ বাহিৰত বসবাস কৰা বড়ো সকলক ভূমি আৰু ৰাজনৈতিক অধিকাৰ প্ৰদান কৰা হব বুলি জনিবলৈ দিয়ে।সংগঠন দোয়োটাই ৰাজনাথ সিংৰ ধনাত্মক আশ্বাসৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com