বড়ো কথাছবি নংনি থাকাইন'ৰ কাম প্ৰায় সম্পূৰ্ণ

বড়ো কথাছবি নংনি থাকাইন'ৰ কাম প্ৰায় সম্পূৰ্ণ
Published on: 

নতুন বড়ো কথাছবি নংনি থাকাইন'ৰ শ্বুটিংৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ লগতে সম্পাদনাৰ পাছতে অতিসোনকালে মুক্তি দিয়া হব বুলি কয় কথাছবিখনৰ পৰিচালক ৰজেন নাৰ্জাৰীয়ে,তেওঁ লগতে কয় যে প্ৰথমবাৰৰ বাবে বড়ো চিনে প্ৰযোজক গোষ্টীয়ে কোনো চিনেমা প্ৰযোজনা কৰিছে।গোষ্টীটোৱে এতিয়াৰে পৰা প্ৰতিবছৰে কথাছবি প্ৰযোজনা কৰি নতুন আৰু পুৰণা শিল্পীসমূহক এখন মঞ্চ দিবলৈ থিৰাং কৰিছে।৩ জুনৰ পৰা কাম আৰম্ভ হোৱা ছবিখনৰ শুভাৰম্ভ কৰিছিল মন্ত্ৰী চন্দ্ৰন বহ্মই।কথাছবি খনৰ বাবে বিটিচিৰ ৰাইজ অধীৰ আগ্ৰহেৰে ৰয় আছে বুলি জানিব দিয়ে পৰিচালক নাৰ্জাৰীয়ে।

The Sentinel - of this Land, for its People
www.sentinelassam.com