মহানগৰীত ভূমি বেদখলকাৰীৰ দপদপনি

মহানগৰীত ভূমি বেদখলকাৰীৰ দপদপনি
Published on

গুৱাহাটীত ভূমি নাটনিৰ ফলত প্ৰকৃত ভূমি মালিক সকলে ভূমি বেদখলকাৰী সকলৰ ভয়ত কঠিন সময় পাৰ কৰিবলগীয়া হৈছে।অভিযোগ অনুসৰি জি এম ডি এৰ পূৰ্ৱৰ উপ অধক্ষ্য পৰিমল দাসৰ ১৯নম্বৰ ৱাৰ্ডত থকা ম্যাদি মাটিৰ ওপৰত বৰ্তমান ভূমি বেদখলকাৰীৰ চকু পৰিছে।মালিক দাসে বহুদিনৰ আগৰ পৰা মাটি খিনিত ভাড়া দিছে,কিন্তু কিছুদিন পূৰ্বে বেদখলকাৰী সকলে সেই মাটি খিনি তেওঁলোকৰ বুলি দাবী কৰি ভাড়াতীয়াৰ লগত হিংসাত্মক কাৰ্য্যত লিপ্ত হয়।উত্থাপিত অভিযোগ অনুসৰি ঋতুৰাজ দত্তৰ নেতৃত্বত অহা বেদখলকাৰী দলটোৱে আনকি দাসৰ কন্যা ২০১৭ৰ মিছেচ ইণ্ডিয়া কৃষ্টি দাসক সেই ঠাইত উপস্থিত হোৱাৰ পিছত শাৰীৰিক ভাৱে অপদস্থ কৰে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com