মহানগৰীৰ চাৰু কাৰু মহাবিদ্যালয়ত ৰাজ্যপাল মুখী

মহানগৰীৰ চাৰু কাৰু মহাবিদ্যালয়ত ৰাজ্যপাল মুখী
Published on

মহানগৰীৰ বশিষ্ঠস্থিত চাৰু কাৰু মহাবিদ্যায়ত অনুস্থিত মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি আৰু ভূমি বেদখলকলৈ আলোচনা সভাত ৰাজ্যৰ ৰাজ্যপাল জগদীশ মুখীৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° মৃদুল হাজৰিকা উপস্থিত থাকে।মহাবিদ্যালয়খনত ১০ বছৰ ধৰি নতুন অধ্যাপক-অধ্যাপিকা নিযুক্তি নোহোৱাকলৈ ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰাৰ কথা জনাই ৰাজ্যপাল গৰাকীয়ে।দেশৰ বিভিন্ন ঠাইত থকা চাৰু কাৰু মহাবিদ্যালয়ৰ পাঠ্যক্ৰম ৪ বছৰীয়া হোৱাৰ বিপৰীতে কিন্তু উত্তৰপূৰ্বাঞ্চলত ৫ বছৰীয়া হোৱাত শিক্ষাৰ্থী সকল যথেষ্ট সমস্যাৰ সন্মূখীত হৈ আহিছে।মহাবিদ্যালয় খনত এতিয়ালৈ ষান্মাসিকৰ ব্যৱস্থা হোৱা নাই।ৰাজ্যপাল মুখীয়ে সকলো সমস্যা সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে।সভাত মহাবিদ্যালয়খনৰ অধক্ষ্যৰ লগতে শিক্ষক-শিক্ষয়ত্ৰী সকলো উপস্থিত থাকে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com