মহিলা অপহৰণ ঘটনাত অসম শীৰ্ষত : সংসদীয় সমিতি

মহিলা অপহৰণ ঘটনাত অসম শীৰ্ষত : সংসদীয় সমিতি
Published on

মহিলা অপহৰণৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ ভিতৰতে শীৰ্ষত অসম বুলি ঘোষনা কৰিছে দেশৰ সংসদীয় সমিতিয়ে।অপৰাধীৰ ৰম্যভূমিলৈ পৰিনত অসম মুলুকত অপহৰণ অপৰাধী ৮০ শতাংশ মহিলা অপৰহণৰ লগত জড়িত।কংগ্ৰেছ সাংসদ পি চিদাম্বৰমৰ নেতৃত্বত থকা গৃহ বিভাগৰ সংসদীয় সমিতিৰ সদ্য প্ৰকাশিত ৰিপৰ্টৰ মতে সমগ্ৰ উত্তৰপূৰ্বাঞ্চলৰ নিৰাপত্তা বৃদ্ধি কৰিবলৈ দিয়াৰ লগতে কিয় অসমত ইমান মহিলা অপহৰণৰ ঘটনা সংঘটিত হৈছে সেয়া চালিজাৰি চাবলৈ আহ্বান জনাইছে।সংসদীয় সমিতিয়ে গভীৰ উদ্দেগ প্ৰকাশ কৰি কয় যে ২০১৬ চনৰ আগত আৰু ২০১৬ চনত মহিলা নিৰ্যাতন গোচৰত জড়িত ৮১ শতাংশ গোচৰেই মহিলা অপহৰণৰ লগত জড়িত।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com