Begin typing your search above and press return to search.
মহিলা আৰক্ষী উপ পৰিদৰ্শকক গ্ৰেপ্তাৰ

মহিলা আৰক্ষী উপ পৰিদৰ্শক প্ৰেমলতা শইকীয়াক নুনমাটী আৰক্ষী থানাই গ্ৰেপ্তাৰ কৰি ক্ষেত্ৰী আৰক্ষী থানাক গতাই দিয়ে।ছয়মাইলৰ এগৰাকী মহিলাক ভূমি দিয়াৰ নামত ২০১৬চনতে ১০.৫০ লাখ টকা লৈছিল।টকা লোৱাৰ পিছত আৰক্ষী বিষয়া গৰাকীয়ে মহিলা গৰাকীৰ কোনো ধৰনৰ ফোন ৰিছিভ নকৰাৰ উপৰিও তেওঁক আওকাণ কৰিবলৈ লয়।এনে পৰিস্থিতিৰ সন্মুখীন হোৱা বাবেই ভুক্তভোগী মহিলা গৰাকীয়ে ক্ষেত্ৰী থানাত মহিলা আৰক্ষী গৰাকীৰ বিৰুদ্ধে ভাৰতীয় ধাৰা মতে ৪২০/৪০৬/৫০৬ ধাৰাত ২৭/১৬নম্বৰত এজাহাৰ দাখিল কৰে। নুনমাটী থানাই গ্ৰেপ্তাৰ কৰা প্ৰেমলতা শইকীয়াক পাণবজাৰ মহিলা থানালৈ প্ৰেৰণ কৰা হৈছে।ইয়াৰ উপৰিও প্ৰেমলতা শইকীয়াক ৬মাহ পূৰ্বে গুৱাহাটীৰ পৰা নলবাৰী ডিইএফ লৈ বদলি কৰাৰ পিছতো তেওঁ তাত যোগদান নকৰিলে ।জানিব পৰা মতে তেওঁৰ বিৰুদ্ধে কেইবাটাও ঠগ-প্ৰবঞ্চনাৰ গোচৰ আছে।
Next Story