মহিলা সমাৰোহত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহন

Published on

যোৱা সোমবাৰে বৰপেটা জিলাৰ সৰভোগত অনুষ্ঠিত হোৱা মহিলা সমাৰোহত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহন কৰে। পঞ্চায়ত আৰু গ্ৰামীণ বিকাশ বিভাগ আৰু অসম ৰাজ্যিক গ্ৰামীণ অজিৱীকা মিছনে আয়োজন কৰা মহিলা সমাৰোহখন সৰভোগৰ সৰু ষ্টেডিয়ামত অনুষ্ঠিত কৰা হয়।ৰাজ্যিক কনকলতা মহিলা সাৱলীকৰণ আচঁনিৰ জৰিয়তে মহিলাৰ বিকাশৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহন কৰাৰ লগতে মহিলা সকলে আৰ্থিক ভাৱে স্বাধীন হব পাৰিব বুলি মুখ্যমন্ত্ৰী সোণোৱালে মত প্ৰকাশ কৰে।ইয়াৰ উপৰিও আত্মসহায়ক গোট কেএমএচএ ৰ অন্তৰ্ভুক্ত এচএইচজিৰ নামত যি ২৫,০০০টকা প্ৰদান কৰা হয় সেই টকা সমূহো ভালকৈ ব্যৱহাৰ কৰা হ'ব বুলিও মত প্ৰকাশ কৰে সোণোৱালে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com