যোৰহাট চিকিৎসা মহাবিদ্যালয়ত নিউৰ'চাৰ্জাৰী বিভাগ মুকলি

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত নিউৰ'চাৰ্জাৰী বিভাগ মুকলি
Published on

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত নিউৰ'চাৰ্জাৰী বিভাগ মুকলি কৰি ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে যোৰহাটৰ নিউৰ'চাৰ্জাৰী বিভাগ উজনি অসমৰ ভিতৰত ভাল বিভাগ হব আৰু যোৰহাট,মাজুলি,গোলাঘাট,শিৱসাগৰ,চৰাইদেউৰ আদিৰ ৰাইজৰ বাবে সু-খবৰ যে এতিয়াৰে পৰা তেওঁলোক অসম চিকিৎসা মহাবিদ্যালয় বা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় যাব নালাগে।বিভাগতো নিৰ্মান কৰোতে ১১কোটি টকা খৰচ হোৱা বুলি জানিবলৈ দিয়ে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে।তেওঁ লগতে কয় যে এতিয়াৰে পৰা ১০ দিনৰ মুৰে মুৰে ভিডিঅ কনফাৰেঞ্চৰ জড়িয়তে চিকিৎসা মহাবিদ্যালয় খনৰ উন্নতিৰ বাবে স্বাস্থ্য বিভাগে মহাবিদ্যালয় কৰ্ত্তীপক্ষৰ লগত আলোচনাত বহিব।চিকিৎসা মহাবিদ্যাখন উন্নতিৰ বাবে ৫৭ কোটি টকা প্ৰদান কৰা হব বুলি জানিব দিয়ে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে।অনুস্থানত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা উপস্থিত থাকে।

The Sentinel - of this Land, for its People
www.sentinelassam.com