যোৰাবাটত কৃত্ৰিম বানৰ তাণ্ডৱ

যোৰাবাটত কৃত্ৰিম বানৰ তাণ্ডৱ
Published on

গুৱাহাটীৰ পৰা কেই কিল'মিটাৰ মান নিলগত যোৰাবাটত সৃষ্টি হোৱা কৃত্ৰিম বানে সেই ঠাইৰ লোক সকলৰ মাজত হাহাঁকাৰৰ সৃষ্টি কৰিছে।৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো ৪লেন কৰাৰ যি প্ৰক্ৰিয়া চলি আছে তাৰ ফলত পৰিস্থিতি আৰু বেয়াৰ ফালে ঢাল খোৱা পৰিলক্ষিত হৈছে।অভিযোগ অনুসৰি এন এইচ এ আইয়ে পথ নিৰ্মানৰ সময়ত কৰা অৱজ্ঞা আৰু অবৈজ্ঞানিক পদ্ধতিয়ে যোৰাবাটত কৃত্ৰিম বানৰ সৃষ্টি কৰাৰ প্ৰধান কাৰন।জুলাই ৬তাৰিখে কামৰূপ জিলাৰ জিলা উপায়ুক্তৰ সৈতে এন এইচ এ আইৰ বিষয়া সকল আৰু ৰাজহ বিষয়াই লগ হৈ সেই ঠাইৰ পৰ্যবেক্ষন কৰে আৰু স্থানীয় লোকৰ পৰা ভৱিষ্যৎতে এনে পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পোৱাৰ ব্যৱস্থা কৰিবলৈ দিহা পৰামৰ্শ গ্ৰহন কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com