লংকাত শিশু অপহৰণৰ অপচেষ্টা

লংকাত শিশু  অপহৰণৰ অপচেষ্টা
Published on: 

হোজাই জিলাৰ লংকাত দিনদুপৰতে মাতৃৰ কোলাৰ পৰা শিশু কাঢ়ি নিবলৈ চেষ্টা কৰাকলৈ সমগ্ৰ অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে।লংকাৰ ষ্টেচন ৰোডত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো।মাতৃৰ কোলাৰ পৰা শিশুটি কাঢ়ি পলায়নৰ চেষ্টা কৰা যুৱক জনৰ নাম আব্দুল খলিল। মহিলা গৰাকীৰ চিঞৰ বাখৰ কৰাত ৰাইজে খেদি খেদি ধৃত যুৱকজনক কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে।আৰক্ষীয়ে ধৃত যুৱকজনক মাৰাথান জেৰা অব্যাহত ৰাখিছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com