লোকসভাত অনাস্থা প্ৰস্তাৱক লৈ বিতৰ্ক

লোকসভাত অনাস্থা প্ৰস্তাৱক লৈ বিতৰ্ক
Published on

লোকসভাৰ বৰ্ষাকালীন অধিবেশনত অনাস্থা প্ৰস্তাৱৰ ওপৰত চলি থকাৰ মাজতে ৰাহুল গান্ধীৰ ভাষণৰ সময়ত অভূতপূৰ্ৱ ঘটনা সংঘটিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু এনডিএ চৰকাৰৰ ওপৰত বহুতো অভিযোগ অনাৰ পিছত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীগৰাকীৰ ফালে আগুৱাই যায় আৰু তেওঁক সাৱটি ধৰে।

কংগ্ৰেছ সভাপতিগৰাকীৰ অভিযোগে সংসদত কোলাহলৰ সৃষ্টি কৰে। তেওঁ কয় যে আমি সকলোৱে বিজেপিৰ জুমলা ষ্ট্ৰাইকৰ ভুক্তভোগী। নৰেন্দ্ৰ মোদী চৰকাৰৰ ওপৰত উত্থাপিত অনাস্থা প্ৰস্তাৱৰ ওপৰত সংসদত চলি থকা বিতৰ্কটো যথেষ্ঠ গৰুত্বপূৰ্ণ। ৭ ঘণ্টা জুৰি চলিবলগীয়া এই বিতৰ্কটো আৰম্ভণি কৰিছিল তেলেগু দেশম দলৰ জয়দেৱ গল্লাৰে যিয়ে এই অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছিল। এই মাাৰাথন বিৰ্তকৰ পিছত আজি সন্ধিয়াই কেন্দ্ৰীয় চৰকাৰে সংসদত অনাস্থা ভোটৰ সম্মুখীন হ'ব লাগিব। আজিৰ সংসদৰ অধিবেশন আৰম্ভ হোৱা কিছুসময়ৰ পিছতে বিজু জনতা দলৰ নবীন পাটনায়িকে সভা ত্যাগ কৰি ওলাই যোৱাত এখন জৰুৰী সংসদীয় সভাৰ বাবে অত্যাৱশ্যকীয় ৫১৪ জনৰ পৰা হ্ৰাস হয়।

সংসদৰ বিৰ্তক আৰম্ভ হোৱাৰ আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপি সভাপতি অমিত শ্বাহ, মন্ত্ৰী ৰাজনাথ সিং, সুষমা স্বৰাজ, নিতিন গাদকাৰী আৰু অনন্ত কুমাৰক লগ কৰে। যিসময়ত বিৰোধীয়ে বিজেপি চৰকাৰৰ ওপৰত বিফলতাৰ অভিযোগ তুলিছে, সেইসময়তে বিজেপিৰ পুৰণি বন্ধু শিৱ সেনাই এই অনাস্থা ভোটৰ পৰা আঁতৰি থাকিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে আৰু তেওঁলোকৰ আইন প্ৰণেতাসকলে এই বিৰ্তকত অংশ গ্ৰহণ নকৰে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com