শিক্ষাৰ্থীৰ মাজত চাইকেল বিতৰণ

শিক্ষাৰ্থীৰ মাজত চাইকেল বিতৰণ

Published on

শিলচৰ নগৰৰ লক্ষীপুৰৰ আৰ্লি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেণীৰ ৩৬ গৰাকী মেধাৱী ছাত্ৰীৰ মাজত বিদ্যালয় খনৰ অধ্যক্ষ অঞ্জন কান্তি নাথে চাইকেল বিতৰণ কৰে।বিতৰনৰ পাছত বিদ্যালয় ব্যৱস্থাপনা সমিতিৰ সভাপতি শুভজিৎ চক্ৰৱৰ্তীৰ সভাপতিত্বত এখন সভা অনুস্থিত হয়।সভাত মুখ্য অতিথি হিচাপে স্থানীয় বিধায়ক ৰাজদ্বীপ গোৱালা উপস্থিত থাকি ভাষণত কয় যে ছাত্ৰ-ছাত্ৰী সকলে ভালদৰে পঢ়া-শুনা কৰাৰ লগতে স্বাস্থ্যৰ যত্ন লোৱাতো প্ৰয়োজন।লগতে কয় যে বিদ্যালয় খন উন্নয়নৰ বাবে ৰাজ্য চৰকাৰৰ পৰা ৫০ লাখ টকা প্ৰদানৰ ব্যৱস্থা কৰিব।

The Sentinel - of this Land, for its People
www.sentinelassam.com