শীৰ্ষ অ'এনজিচি বিষয়া জালত,ডিজিএম গ্ৰেপ্তাৰ

শীৰ্ষ অ'এনজিচি বিষয়া জালত,ডিজিএম গ্ৰেপ্তাৰ
Published on

শিৱসাগৰ আৰক্ষীয়ে শুকুৰবাৰে খাৰুৱা তেলৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত অ'এনজিচিৰ কাৰিকৰি বিভাগৰ ডিজিএম নিত্য নন্দ দাসক গ্ৰেপ্তাৰ কৰে।শিৱসাগৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক দৰিকাপাৰৰ ওচৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ডিজেল,মবিল আৰু পেট্ৰোল প্ৰায় ১৬,০০০ লিটাৰ চোৰাং তেল জব্দ কৰে।চোৰাং ব্যৱসায়ৰ বাবে ব্যৱহাৰ কৰা দুখন ট্ৰেঙ্কাৰ জব্দ কৰে।অ'এনজিচিৰ শীৰ্ষ বিষয়া জি বৰাৰ ৰেড ক্ৰচ পথৰ বাসগৃহতো শনিবাৰে শিৱসাগৰ আৰক্ষীয়ে অভিযান চলাই।অভিযানৰ সময়ত বিষয়াজন উপস্থিত নাছিল।৩.৭৮ কোটি টকাৰ লোহা পাইপৰ চোৰাং বেপাৰত জড়িত পৰেশ দাস নামৰ ব্যক্তি জনৰ আদালতে জামিন মঞ্জুৰ কৰিছে।তেওঁ ২৭ মেৰ পৰা জেলত বন্দি হৈ আছিল।অ'এনজিচিৰ চোৰাং বেপাৰৰ লগত জড়িত বহুত সংখ্যক শীৰ্ষ বিষয়া আৰক্ষীৰ জালত পৰাতো নিশ্চিত হৈছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com