শ্বিলঙত সান্ধ্যআইন জাৰি

শ্বিলঙত সান্ধ্যআইন জাৰি
Published on: 

শুক্ৰবাৰে শ্বিলঙৰ মোতফৰনত আৰক্ষী আৰু এটা অদমনীয় মানুহৰ গোটৰ মাজত হোৱা হিংসাত্মক ঘটনাৰ পিছত চহৰ খনৰ কিছু কিছু অংশত সান্ধ্যআইন জাৰি কৰা হয়। আৰক্ষীয়ে কন্দুৱা গেছ ব্যৱহাৰ কৰি মানুহৰ গোটটোক ছত্ৰভংগ দিবলৈ চেষ্ঠা কৰে যদিও তেওঁলোক আতৰি নাযায়। থেম ইউ মাউলং নামৰ ঠাইত বাস কৰা লোকসকলে এজন বাছৰ কৰ্মচাৰীক নিৰ্যাতন কৰাৰ পিছতে এই ঘটনাৰ সৃষ্ঠি হয়। পিছত আৰক্ষীয়ে তিনিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে আৰু তেওঁলোকৰ পৰা চোকা অস্ত্ৰও উদ্বাৰ কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com