কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে উত্তৰপূৰ্বাঞ্চলৰ সুৰক্ষাৰ উন্নতিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য সমূহৰ চৰকাৰে মিলি কাম কৰিব লাগিব।শ্বিলংত হৈ থকা উত্তৰ পূৰ্বাঞ্চল পৰিষদৰ ৬৭ সংখ্যক প্লেনাৰী চেচনৰ দ্বিতীয় দিনা গৃহমন্ত্ৰী গৰাকীয়ে অংশগ্ৰহন কৰি কয় যে বহুত বছৰৰ পৰা বিদ্ৰোহী সমূহৰ বাবে নিৰাপত্তাৰ ক্ষেত্ৰত অসুবিধা হৈ আহিছে,ইয়াৰ বাবে অৰ্থনৈতিক ক্ষেত্ৰখনৰ উন্নতি কম হৈছে।এতিয়া বিদ্ৰোহ কমি অহাৰ কাৰনে আমাৰ বহুতখিনি ভাল হৈছে,তাৰ সুবিধা লৈ আমি আগবাঢ়ি যাব লাগিব।সিঙে লগতে কয় যে উত্তৰপূৰ্বাঞ্চল পৰিষদ এটা অতি ভাল সংগঠন,যদি সকলোৱে ভালদৰে কাম কৰে তেতিয়া সকলো সমস্যা সমধান হব।দুদিনীয়া কাৰ্য্যসুচীত ডনাৰ মন্ত্ৰী তথা পৰিষদৰ উপাধক্ষ্য ড° জিতেন্দ্ৰ সিংৰ আৰু উত্তৰপূৰ্বাঞ্চলৰ ৰাজ্যপাল,মুখ্যমন্ত্ৰীৰ লগতে শীৰ্ষ বিষয়া সকল উপস্থিত থাকে।
Begin typing your search above and press return to search.