সোতৰ দিনৰ পাছত উদ্ধাৰ চাহবাগিচাৰ কৰ্মচাৰী

সোতৰ দিনৰ পাছত উদ্ধাৰ চাহবাগিচাৰ কৰ্মচাৰী
Published on: 

আলফাই অপহৰণ কৰা ডিগবৈৰ ফুৰেং চাহবাগিচাৰ কৰ্মচাৰী দীননাথ উপাধ্যায় নামৰ ৫১ বছৰীয়া ব্যক্তি জন আজি সন্ধিয়া সুশৰীৰে নিজৰ ঘৰত উপস্থিত হয়হি। অসম-অৰুনাচল সীমান্তৰ ৱাৰা গাওঁৰ লুংগী বস্তিৰ পৰা নিৰাপত্তা বাহিনীয়ে উদ্ধাৰ কৰে।তেওঁক ম্যানমাৰৰ আলফাৰ শিবিৰত ৰাখিছিল বুলি জানিব পৰা গৈছে।উপাধ্যায়ে জনোৱা মতে ৫জন বন্ধুকধাৰীয়ে যুৱকে তেওঁক অপহৰণ কৰি নিছিল।ম্যানমাৰৰ দিশে খোজকঢ়াই লৈ গৈছিল কিন্তু কোনোধৰনৰ শাস্তি দিয়া নাছিল।মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ লগতে ফুৰেং চাহবাগিচাৰ মালিক ৰাধা চেতিয়াই উপাধ্যায়ৰ ঘৰলৈ আহি তেওঁ খবৰ লয়।আলফাই ৩.৫ কোটি টকাৰ মুক্তিপণ দাবী কৰিছিল বুলি জানিব পৰা গৈছে।ব্যক্তিজনৰ স্বাস্থ্য পৰীক্ষাৰ লগতে সকলোখিনি অনুস্থানিকতা কৰাৰ পাছত পৰিয়ালৰ লোকক গতাই দিয়ে।

The Sentinel - of this Land, for its People
www.sentinelassam.com