স্পেইনৰ বিৰুদ্ধে পৰাজয় স্বীকাৰ ইৰানৰ

স্পেইনৰ বিৰুদ্ধে পৰাজয় স্বীকাৰ ইৰানৰ
Published on: 

দুৰ্দান্ত ফৰ্মত থকা স্পেইনৰ ফৰৱাৰ্ড ডিয়েগ' কস্তাৰ দাৰ্শনীয় গ'লৰ সহায়ত গ্ৰুপ বি'ৰ আন এখন খেলত স্পেইনে এচিয়াৰ দেশ ইৰানক ১-০ গ'লৰ সহায়ত পৰাস্ত কৰে।এথলেটিক' মাদ্ৰিদৰ তাৰকা খেলুৱৈ কস্তাই ৫৪ মিনিটত এটা সুন্দৰ গ'লেৰে ইৰানৰ গ'ল বক্স কঁপাই তোলে।স্পেইনৰ বহু কেইজন খেলুৱৈয়ে বহুতকেইতা সুন্দৰ সুযোগ নষ্ট কৰে।ৰনাল্ডোৰ পাছতে ৩টা গ'লেৰে গোল্ডেন বুট অন্য এজন দাবীদাৰ হৈ উঠিছে ডিয়েগ' কস্তা।

The Sentinel - of this Land, for its People
www.sentinelassam.com