সৰ্বভাৰতীয় পৰ্যায়ত কেবল আঞ্চলিকতাবাদেহে অসমৰ সমস্যাসমূহ উত্থাপন কৰিব পাৰে : অতুল বৰা

সৰ্বভাৰতীয় পৰ্যায়ত কেবল আঞ্চলিকতাবাদেহে অসমৰ সমস্যাসমূহ উত্থাপন কৰিব পাৰে : অতুল বৰা
Published on

অসম গণ পৰিষদ দলে কৈছে যে অসমত এতিয়াও আঞ্চলিকতাবাদ প্ৰাসংগিক আৰু আঞ্চলিকতাবাদেহে ৰাজ্যৰ সমস্যাসমূহ দিল্লীৰ সন্মূখত উত্থাপন কৰিব পাৰে।অসম গণ পৰিষদ দল ৬ বছৰিয়া ঐতিসাহিক অসম আন্দোলনৰ পাছত ১৯৮৫ চনত ক্ষমতালৈ আহিছিল।এতিয়া বিজেপি চৰকাৰৰ লগত মিত্ৰ দল হিচাপে ক্ষমতাত আছে।নলবাৰীত অসম গন পৰিষদ দলে বিজেপি চৰকাৰে গৃহীত কৰিব বিচৰা জাতিধংসী নাগৰিক সংশোধনী বিধেয়কৰ বিৰুদ্ধে "শংখনাদ" শীৰ্ষক কাৰ্যসুচী আয়োজন কৰি অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাই কয় যে যদি অসমৰ সামাজিক,ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিবেশ যদি উন্নত কৰিবলৈ হয় তেতিয়া আঞ্চলিকতাবাদ দলৰ প্ৰয়োজন আছে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com