হিন্দু যুৱ ছাত্ৰ পৰিষদৰ দুঘন্টীয়া ধৰ্মঘট

হিন্দু যুৱ ছাত্ৰ পৰিষদৰ দুঘন্টীয়া ধৰ্মঘট
Published on

ৰাজ্যৰ লগতে লক্ষিমপুৰ জিলাৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীৰে লক্ষিমপুৰ জিলাৰ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ গোটে দুঘন্টীয়া ধৰ্মঘট কাৰ্য্যসুচী ৰূপায়ন কৰে।লক্ষিমপুৰ জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মূখত দিনৰ ১২ বজাৰ পৰা ২ বজালৈ চলা ধৰ্মঘটৰ নেতৃত্ব প্ৰদান কৰি সংগঠনৰ জিলা সভাপতি যুগ্মজ্যোতি দত্ত আৰু সম্পাদক মাধৱ দাসে ৬টা জাতিক জনজাতি প্ৰদান কৰা,২৬লাখ নিবনুৱাক সংস্থাপন দিয়া,১৯৫১ চনক বিদেশী চিনাক্তৰ বাবে ভিত্তীবৰ্ষ ঘোষনা কৰা,বানপানী আৰু ভূমিস্খলনক ৰাষ্ট্ৰীয় সমস্যা ঘোষনা কৰা,সত্ৰ ,দেৱালয় আদিত উচ্ছেদ অভিযান চলাব লাগে লগতে লক্ষিমপুৰ জিলাৰ নানা সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰক দাবী তোলে।সংগঠনৰ ৰাজ্যিক সভাপতি বলেন বৈশ্যই ধৰ্মঘটত ভাগ লৈ কয় যে সৰ্বানন্দ সোনোৱালে নিৰ্বাচনৰ আগৰ প্ৰতিশোতি পূৰনত ব্যৰ্থ হৈছে।সংগঠনটোৱে একন স্মাৰক পত্ৰ লক্ষিমপুৰ জিলাৰ উপায়ুক্তক প্ৰদান কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com