ফিনলেণ্ডৰ টামপেৰেত অনুস্থিত হোৱা আইএএএফ বিশ্ব ২০ বছৰ অনূৰ্ধ্ব প্ৰতিযোগিতাৰ ৪০০ মিটাৰ দৌৰত সোনৰ পদক জয় কৰি দেশৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই অনা হিমা দাসৰ নগাওঁ জিলাৰ ধিঙৰ কাণ্ডুলিমাৰি বাসগৃহত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হৈ হিমাৰ পিতৃ ৰঞ্জিত দাস আৰু মাতৃ জোনালী দাসক কন্যাৰ সফলতাৰ বাবে ৰাজ্যবাসীৰ তৰফৰ পৰা শুভকামনা জ্ঞাপন কৰে।গামোচা,শৰাইৰ লগতে শুভেচ্ছা পত্ৰ প্ৰদান কৰি শুভকামনা জনায়।মুখ্যমন্ত্ৰীজন হিমাৰ অভিভাৱকৰ লগত কন্যাৰ সফলতাৰ বাবে আলোচনা কৰে আৰু পিতৃয়ে বহুখিনি তথ্য জানিবলৈ দিয়ে।মুখ্যমন্ত্ৰীজনৰ লগত ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ আৰু বিধায়িকা আঙুৰলতা ডেকা উপস্থিত থাকে।
হিমাৰ সফলতাই বিশ্ব দৰবাৰত অসমৰ মৰ্য্যদা উচ্চ কৰিলে : মুখ্যমন্ত্ৰী

Next Story