"হেলিকপ্টাৰ ঈলা"ৰ প্ৰথম পোষ্টাৰ মুকলি; কাজলে ছবি খনত পুতলা নচাব নেকি?

"হেলিকপ্টাৰ ঈলা"ৰ প্ৰথম পোষ্টাৰ মুকলি; কাজলে ছবি খনত পুতলা নচাব নেকি?
Published on: 

কাজলে প্ৰায় তিনিবছৰৰ পিছত ৰূপালী পৰ্দাত ভূমুকি মাৰিছে।শেহতীয়াকৈ ২০১৭ চনত মুক্তি পোৱা "দিলৱালে" ছবি খনত অভিনয় কৰিছিল।এইবাৰ কাজলক দেখা পোৱা যাব নতুনকৈ মুক্তি পাবলগীয়া "হেলিকপ্টাৰ ঈলা"ত।ছবি খন গুজৰাটীৰ 'বেটা কাগদ'ৰ ওপৰত আধাৰিত কৰি নিৰ্মান কৰা হব।

ছবি খনৰ নতুনকৈ প্ৰথম খন পোষ্টাৰ মুকলি হৈছে।পোষ্টাৰ খনত দেখা পোৱা অনুসৰি ৰিধি সেন এজন পুতলা হিচাপে আৰু কাজলে পুতলা নচোৱা মানুহৰ ৰূপত। ছবি খনৰ কাহিনী মাক আৰু পুত্ৰ মাজৰ এটা সুন্দৰ সম্পৰ্কক লৈ নিৰ্মান কৰা হৈছে।ছবি খন প্ৰযোজক অজয় দেৱগন আৰু জয়ন্তীলাল গডা। ছবি খন চলিত বৰ্ষৰ ১৪ ছেপ্তম্বৰত মুক্তি লাভ কৰিব।

The Sentinel - of this Land, for its People
www.sentinelassam.com