হৰিচিঙা আদৰ্শ চিকিৎসালয়ৰ নিৰ্মান নিম্নমানৰ হোৱাত বড়ো ছাত্ৰ সন্থাৰ প্ৰতিবাদ

হৰিচিঙা আদৰ্শ চিকিৎসালয়ৰ নিৰ্মান নিম্নমানৰ হোৱাত বড়ো ছাত্ৰ সন্থাৰ প্ৰতিবাদ
Published on: 

উদালগুৰি জিলাৰ টংলাত উদ্ধোধনৰ বাবে সাজু হৈ উঠা হৰিচিঙা আদৰ্শ চিকিৎসালয়ৰ নিৰ্মানৰ কাম অতি নিম্নমানৰ হোৱাত চকু কপালত উঠিছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনৰ।সদৌ বড়ো ছাত্ৰ সন্থাৰ হৰিচিঙা ৰাজ্যিক গোটৰ অতিৰিক্ত সাধাৰন সম্পাদক ৰিঞ্জয় বড়োৱে জনোৱা মতে নিৰ্মীয়মান অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে চিকিৎসালয়খনৰ বেৰবোৰত চিৰাল ফাট মেলিছে।ছাত্ৰ নেতাজনে ঘটনাটোৰ উচিত তদন্ত কৰিবলৈ জিলা প্ৰশাসনৰ লগতে ৰাজ্য চৰকাৰক দাবী জনায়।এবছুৰ হৰিচিঙা ৰাজ্যিক শাখাই হৰিচিঙা আৰক্ষী চকীত ঠিকাদাৰ অশোক বাজাজ আৰু ৰাষ্ট্ৰীয় গ্ৰামীন স্বাস্থ্য মিচনৰ বিষয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com