২০১৬ৰ পৰা বন্ধ ইণ্ডো-বাংলাদেশ সীমান্তৰ কাম

২০১৬ৰ পৰা বন্ধ ইণ্ডো-বাংলাদেশ সীমান্তৰ কাম
Published on

ভাৰত-বাংলাদেশ সীমান্তৰ কাটাবেৰৰ কাম ২০১৬ৰ পৰা বন্ধ হৈ আছে।৩.৩৫ কিঃমিঃ বেছি ঠাই এতিয়াও মুক্ত হৈ আছে।কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং ১৩ জুলাইত যাবলগীয়া বাংলাদেশ ভ্ৰমণত অসমৰ জলন্ত সমস্যাটোৰ বাবে বাংলাদেশ চৰকাৰৰ ওচৰত প্ৰশ্ন উত্থাপন কৰে নাই হেয়া লাখটকীয়া প্ৰশ্ন হৈ পৰিছে।সীমান্তৰ ২৬৭ কিঃমিঃ পানী আৰু পাহাৰীয়া অঞ্চলেৰে ভৰপূৰ।কৰিমগঞ্জৰ ৩.৩৫ কিঃমিঃ অঞ্চল মুকলি হৈ আছে।চৰকাৰে বাংলাদেশ সীমান্ত বাহিনীৰ বিৰুধীতাৰ বাবে কাটাবেৰৰ বিপৰীতে খুটাৰ ব্যৱস্থা কৰা হৈছে।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিচেম্বৰৰ ভিতৰত ইণ্ডো-বাংলাদেশ সীমান্ত চীল কৰা হব বুলি ঘোষণা কৰিছে।আগন্তক ২০১৯ লোকসভা নিৰ্বাচনৰ সময়ত ইয়াৰ প্ৰভাৱ পৰিব বুলি আশা কৰা হৈছে।২০১৪ নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিজেপিৰ প্ৰতিশ্ৰুতি ফোটোকাৰ ফেনতহে পৰিনত হৈছে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com