২০২০ ভিতৰত সকলো মুখ্য পথ নিৰ্মান সম্পূৰ্ণ হব : সোনোৱাল

২০২০ ভিতৰত সকলো মুখ্য পথ নিৰ্মান সম্পূৰ্ণ হব : সোনোৱাল
Published on

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সোমবাৰে গড়কাপ্তানী বিভাগৰ পৰ্যালোচনা সভাত কয় যে ২০২০ চনৰ ভিতৰত ৰাজ্যৰ সকলো মুখ্য পথৰ নিৰ্মান সম্পূৰ্ণ কৰা হব।তেওঁ বিধায়ক সকলকো নিজৰ সমষ্টিৰ পথৰ নিৰ্মানত গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়ে।গড়কাপ্তানী বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যত ১০,০০০ কি:মি: পথ প্ৰধানমন্ত্ৰী গ্ৰামীন চৰক যোজনা আঁচনিৰ অধীনত নিৰ্মাণ কৰা হব।কংগ্ৰেছ চৰকাৰে ১৫ বছৰত ১৭,০০০ কি:মি: পথ নিৰ্মান কৰিছিলে আৰু আমি এবছৰত ১০হাজাৰ কি:মি: নিৰ্মান কৰিম।লগতে শৰ্মাই কয় যে ১৫০০ কোটি টকাত ৰাজ্যত ৭০০খন নতুন দলং নিৰ্মান হব আৰু ৮০০খন চাহবাগিচাৰ পথ নিৰ্মানৰ বাবে ১ কোটিকৈ প্ৰদান কৰা হব।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com