২০ জুনত তিনিচুকীয়াত ঐক্য মঞ্চৰ সভা

২০ জুনত তিনিচুকীয়াত ঐক্য মঞ্চৰ সভা

Published on

সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে আজি এক বিবৃতি যোগে জনাইছে যে অসমৰ ছটা জনগোষ্ঠী ক্ৰমে সদৌ মৰাণ ছাত্ৰ সন্হামৰাণ, মটক, চুতীয়া, তাই-আহোম, কোচ-ৰাজবংশী আৰু চাহ জনজাতিৰ জনজাতিকৰণত ৰাজ্য আৰু কেন্দ্ৰীয় উভয় চৰকাৰে চূড়ান্ত প্ৰতাৰণা কৰি অহা আৰু অসমত বিদেশীক সংস্থাপনৰ লগতে নাগৰিকত্ব দি গোটেই অসমখনকে বিদেশীৰ ওচৰত গটাই দিবলৈ দেশৰ আইনকে সলনি কৰিবলৈ উভয় চৰকাৰে উঠি-পৰি লগাৰ বিৰুদ্ধে তীব্ৰ গণ আন্দোলন গঢ়ি তুলিবলৈ অহা কাইলৈ ২০ জুনত তিনিচুকীয়াৰ হোটেল কিৰণ ৰেচিডেন্সিত দিনৰ ২বজাত জনগোষ্ঠীয় ঐক্য মঞ্চৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব। উক্ত সভাত ধাৰাবাহিক আন্দোলনৰ বিষয়ে ঘোষণা কৰা হ'ব।

The Sentinel - of this Land, for its People
www.sentinelassam.com