৩১ ডিচেম্বৰৰ ভিতৰত ৬৪ লাখ পৰিয়ালক বিদ্যু্ৎ দিব চৰকাৰে

৩১ ডিচেম্বৰৰ ভিতৰত ৬৪ লাখ পৰিয়ালক বিদ্যু্ৎ দিব চৰকাৰে
Published on

খানাপাৰাস্থিত আসাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত অনুস্থিত সংবাদমেলত ৰাজ্যৰ শক্তিমন্ত্ৰী তপন কুমাৰ গগৈয়ে ৩১ ডিচেম্বৰৰ ভিতৰত ৰাজ্যৰ ৬৪ লাখ পৰিয়ালক বিদ্যু্ৎ দিয়াৰ কথা ঘোষণা কৰিছে।গগৈয়ে কয় যে ৬৪ লাখৰ ৪১ লাখে বিদ্যু্ৎ ইতিমধ্য পাইছে আৰু বাকী ২৩ লাখত ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰদান কৰা হব।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোৱা বছৰ প্ৰধানমন্ত্ৰী সহজ বিজুলী হৰ ঘৰ যোজনা 'সৌভাগ্য'ৰ বাবে ১৬,৩২০ কোটি টকা ঘোষণা কৰাৰ লগতে ৪ কোটি পৰিয়ালক ২০১৮ ডিচেম্বৰৰ ভিতৰত বিজুলি প্ৰদান কৰা কথা ঘোষণা কৰিছিল।শক্তি মন্ত্ৰী হিচাপে প্ৰথমখন সংবাদমেল আয়োজন কৰি তপন কুমাৰ গগৈয়ে কয় যে শক্তি বিভাগে ২৫ কোটি টকা খৰচ কৰি বাহ আৰু কাঠৰ খুটাৰ বিপৰীতে পকা খুটাৰ ব্যৱস্থা কৰিব আৰু ৩২৮৪.০৪ কোটি টকা ব্যয় সাপেক্ষে ৬০,০০০ কিঃমিঃ সামৰি লোৱা হব।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com