৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰাৱস্থাৰ বাবে দিশপুৰক ককৰ্থনা কংগ্ৰেছৰ

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰাৱস্থাৰ বাবে দিশপুৰক ককৰ্থনা কংগ্ৰেছৰ
Published on

তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ মাজৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে প্ৰতিবাদ কৰিবলৈ মঙলবাৰে চাবুৱাত চাবুৱা যুৱ কংগ্ৰেছৰ দ্বাৰা তিনিচুকীয়া জিলা যুৱ কংগ্ৰেছৰ সহায়ত ৮ ঘণ্টীয়া ধৰ্মঘট কাৰ্যকাৰী হয়। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু জেষ্ঠ নেতা অপূৰ্ৱ কুমাৰ ভট্টাচাৰ্য্যকে ধৰি শতাধিক কংগ্ৰেছকৰ্মীয়ে এই প্ৰতিবাদত যোগ দিয়ে।মূখ্যমন্ত্ৰীক সমালোচনা কৰি ৰিপুণ বৰাই কয় যে মূখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্ৱতে দিয়া প্ৰতিশ্ৰুতিসমূহ ৰক্ষা কৰিব পৰা নাই।

The Sentinel - of this Land, for its People
www.sentinelassam.com