ৰাজধানী চহৰ দিল্লীত এগৰাকী এয়াৰ হোষ্টেছৰ আত্মহত্যা

ৰাজধানী চহৰ দিল্লীত এগৰাকী এয়াৰ হোষ্টেছৰ আত্মহত্যা

Published on

ৰাজধানী চহৰ দিল্লীত অনিছিয়া বট্ৰা নামৰ এগৰাকী ৩৯বছৰীয়া এয়াৰ হোষ্টেছৰ আত্মহনন কাৰ্য্যাই এক চাঞ্চল্যকৰ সৃষ্টি কৰিছে। দিল্লীৰ পঞ্চছীল পাৰ্কৰ বাসগৃহৰ ছাদৰ পৰা জঁপিয়াই আত্মহত্যা কৰে এয়াৰ হোষ্টেছ গৰাকীয়ে।জানিব পৰা মতে দীৰ্ঘদিন ধৰি অনিছিয়াক স্বামী মায়ংক সিংভিয়ে আৰু স্বামীৰ পৰিয়ালে যৌতুকৰ বাবে মানসিক অত্যাচাৰ চলাই অহাৰ অভিযোগত আত্মহননৰ পথ বাচি লয় বুলি অভিযোগ উত্থাপিত কৰে যুৱতীগৰাকীৰ পৰিয়ালবৰ্গই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com