ৰাজহ চক্ৰ কাৰ্য্যালয়ৰ পৰা হেৰালে দহ হাজাৰতকৈও বেছি আবেদন

ৰাজহ চক্ৰ কাৰ্য্যালয়ৰ পৰা হেৰালে দহ হাজাৰতকৈও বেছি আবেদন
Published on

কামৰূপ মেট্ৰ' জিলাৰ ৰাজহ চক্ৰ কাৰ্য্যালয়ৰ পৰা ভূমিহীন মানুহে জিলাখনত ভূমি বিচাৰি কৰা প্ৰায় দহ হাজাৰখন আবেদন নাইকিয়া হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনাৰ পিছত কাৰ্য্যালয়টোত গুৰুত্বপূৰ্ণ ভূমি সম্বন্ধীয় নথি পত্ৰসমূহৰ সুৰক্ষাৰ ক্ষেত্ৰত প্ৰশ্ন উত্থাপিত হৈছে। কাৰ্য্যালয়টোত কামসমূহ সম্পন্ন কৰাৰ কোনো নিৰ্দিষ্ট নিয়ম নাই, আৰু কৰ্মচাৰীসকলে নিজৰ ইচ্ছা অনুসৰি ভূমি সম্পৰ্কীয় কোনটো কাম কৰিব কোনটো কোনটো নকৰিব ঠিক কৰে। ৰাজনৈতিক নেতা তথা প্ৰভাৱশালী ব্যক্তি কাম প্ৰয়োজন হ'লে নিয়ম ভংগ কৰি হ'লেও সোনকালে কৰি দিয়ে। কিন্তু সাধাৰণ মানুহৰ কাম বছৰৰ পিছত বছৰ ধৰি আধৰুৱা হৈ পৰি থাকে। গুৱাহাটীৰ ৰাজহ চক্ৰ কাৰ্য্যালয়ত সাধাৰণ ৰাইজৰ আবেদনসমূহ পঞ্জীয়নৰ কাৰণে কোনো এক নিৰ্দিষ্ট ব্যৱস্থা নাই। সেইকাৰণে ৰাইজে যিখন মেজত তেওঁলোকৰ কামবোৰ নিজে কৰাই ল'ব পৰা সম্ভাৱনা থাকে তাতে ভিৰ কৰে। যিহেতু লিখিতভাৱে আবেদনসমূহ লাভ কৰাৰ তথ্য ৰাখিবলৈ কোনোধৰণৰ পঞ্জীয়ন বহীৰ ব্যৱস্থা নাই সেয়েহে কাৰ্য্যালয়ৰ পৰা আবেদন হেৰুৱাৰ সম্ভাৱনা অতি বেছি।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com