ৰেলত যুৱতী-মহিলা হত্যাৰ সন্দেহত এজনক গ্ৰেপ্তাৰ

ৰেলত যুৱতী-মহিলা হত্যাৰ সন্দেহত এজনক গ্ৰেপ্তাৰ

Published on

বিগত দুদিনত চলন্ত ৰেলত সংঘটিত হোৱা দুটাকৈ হত্যাকাণ্ডই সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।মঙলবাৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰী ৰাধা কুমাৰী আৰু বুধবাৰে লালীমাই দেৱীৰ মৃতদেহ ৰেলৰ শৌচালয়ত উদ্ধাৰ হৈছিল।চিচি টিভিৰ ফুটেজৰ ভিত্তিত তিনিচুকীয়াৰ পৰা আটক কৰিছে এজন লোকক।কলিকতাৰ পৰা অহা স্কেচ আৰ্টিষ্ট দেৱাশিস বেনাৰ্জীয়ে সন্দেহযুক্ত হত্যাকাৰীৰ স্কেচ ইতিমধ্যে অংকন কৰিছে।ৰেল আৰক্ষীয়ে ইতিমধ্যে হত্যাকাৰীৰ গ্ৰেপ্তাৰৰ বাবে অভিযান আৰম্ভ কৰিছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com