অত্যাৱশকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ ওপৰত অভিযান চলাব পাচঁটা বিশেষ গোটে

অত্যাৱশকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ ওপৰত অভিযান চলাব পাচঁটা বিশেষ গোটে
Published on

কামৰূপ মেট্ৰোপলিটান জিলা প্ৰশাসনৰ সহযোগত যোগান বিভাগে পাচঁটা বিশেষ গোটৰ সহায়ত মহানগৰীত ব্যাপক হাৰত বৃদ্ধি পোৱা সামগ্ৰী দৰৰ ওপৰত নিৰীক্ষণ কৰিব। আলু আৰু পিয়াঁজৰ দৰ বৃদ্ধিৰ ওপৰত বিশেষ দৃষ্টিগোচৰ কৰিব।

প্ৰশাসনৰ সকলো ধৰনৰ প্ৰচেষ্টাৰ পিছতো পিয়াঁজৰ দৰ এতিয়ালৈ হ্ৰাস কৰিব পৰা নাই,যাৰ বাবে গ্ৰাহক সকলক হাৰাশাস্তি কৰি তুলিছে।প্ৰশাসনে প্ৰতি কিল'গ্ৰাম পিয়াঁজৰ দাম ৪০ টকাকৈ ধাৰ্য্য কৰি থোৱাৰ পিছতো বেপাৰী সকলে ৫০ টকা নাইবা তাতকৈ অধিক মুল্যত বিক্ৰী কৰে।সেয়ে প্ৰতিটো বিশেষ গোটে মহানগৰীৰ ভিন্ন ঠাইত কাৰ্যবাহী ন্যায়ধীশৰ অধিনত অভিযান চলাব।

The Sentinel - of this Land, for its People
www.sentinelassam.com