অম্বুবাচী মেলাত অগণন ভক্তৰ ভিৰ

অম্বুবাচী মেলাত অগণন ভক্তৰ ভিৰ
Published on

অম্বুবাচীৰ তৃতীয় দিনাখন কামাখ্যা দেৱীৰ প্ৰাঙ্গনত দেশী বিদেশী লাখ লাখ ভক্তৰ ভিৰ।ভক্তগণ সকল কেৱল ওচৰ চুবৰীয়া ৰাজ্যৰ পৰাই নহয় বিদেশৰ পৰাও আহি ভৰি পৰিছেহি শক্তিপীঠ কামাখ্যা মন্দিৰ।ৰাস্তাই ৰাস্তাই ভিন্ন সংগঠন তথা মানুহ সকলে ভক্ত সকলৰ সুবিধাৰ্থে খোৱাবস্তু আৰু পানীৰ সু-ব্যৱস্থা কৰিছে।গুৱাহাটীৰ আৰক্ষী উপায়ুক্ত হিৰেণ নাথে জনোৱা অনুসৰি যোৱা দেওবাৰ দিনটোত বহু বেছি মানুহৰ ভিৰ হোৱা পৰিলক্ষিত হয় আৰু সেয়ে নিশা ১২বজাৰ মাজভাগৰ পৰা কোনো লোকক ভিতৰলৈ প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই।

The Sentinel - of this Land, for its People
www.sentinelassam.com